শিৰোনামহীন
- নীলাভ সৌৰভ ৷
সাতামপুৰুষীয়া আগ্নেয়গিৰি পুহি ৰাখিছোঁ
কেতিয়াবা মম জ্বলাওঁ তাৰে
তোমাৰ আঙুলিত বিজুলি পৰশৰ কথাটোও পুৰণি
শীতৰ হাতেৰে তাকে মুঠিত লৈ
শুই থাকিবলৈ
আদিতম স্বপ্ন বিলাসী হৈ পৰোঁ
জ্বলি থকা বুকুৰ অঙঠাত বুকু সেকোঁ অ' নিয়ৰ
ভিৰৰ মাজত অকলশৰীয়াৰ দৰে
অকলশৰেও আৰু বেছি অকলশৰীয়াৰদৰে
নুমাই সাৰে থকা প্ৰেমৰ দৰে
কুঁৱলীত নাও মেলা ময়েই প্ৰেমিক
যুদ্ধৰ ৰসায়নত আৰু কিবাকিবি যোগ দি চুবুৰীয়াৰ তেলত মাছ
জুই একে কুৰা
ভঙাঘৰবোৰ আৰু মৃতকৰ চিৰাচিৰ দেহত জাগি উঠা বুঢ়া ঘোঁৰাটোৰ নাম প্ৰেম
তেনে প্ৰেমিক নহ'বলৈ জাউৰি জাউৰি সাৱধানবাণীৰ পাছতো
সেই জুইকুৰাই হাতকেৰেয়া
মই তোমাক ভালপাওঁ প্ৰেম
গলিত লেলিহান চুমাৰ তৰল বিয়পি নৈ
কি চিত্ৰকল্প ই নাজানো
তুমি লাভা বুলি ক'বা নেকি
নক'বা একেবাৰে মিল বিচাৰি নাপাওঁ
এনে উপমাত বৰফ হৈ যাওঁ
আঙুলিটোৱেই দায়ী সকলো যাদুৰ বাবে
গোটেই ৰাতি শুই থাকিও শুই থাকিবৰ মন আজীৱন
আৰু যে সাৰপাওঁ
ই কি চমৎকাৰ
সদায়
বিছনাই মোৰ দেশ আৰু সংবিধানহীন পলস মোৰ নিহালি
মোক লৈ যোৱা হওক অনাময়গৃহৰ সত্যমহলত
মই যাৰ কথা ক'ম সেয়া
তুমি জগৰীয়া অ' ফুলকলি জুই
আমি যিমান দুৰত্বত থাকোঁ যেতিয়া নিলগে
মাজৰ ঠাইখিনি সোণহৰিণাৰ অৰণ্য
ঠেৰেঙা জীৱনৰ কেৱল ভালপোৱাৰ উপাদানত কুলি কেতেকী বহে
বেয়াপাওঁ বুলিলে নতুনকৈ মাজুলি খহে
কাউৰীৰ ডেউকাত জুই
জ্বলি নমৰিবা কাউৰী
মই চিঞৰিছিলোঁ সাধুকথাত
জীয়াই থাকিবলৈ এই আগ্নেয়গিৰি পুতি পেলাব নোৱাৰি
তোমাক দি দিম হে বোৱতী কুমজেলেকুৱা
মৰি থাকিবলৈ লগা জুইকণ ধাৰে দিবা তোমাৰ বুকুৰ পৰা
অ' বেলাড বৃষ্টি
অ' সোণ ৰ'দ
অ' মেঘ বিজুলী

No comments:
Post a Comment