বিষ
নীলাভ সৌৰভ৷
(জীৱনসংগী নফিছাৰ হাতত)
বতাহ চলি আছে
গাড়ীৰ গতিয়ে ঠেলিয়াই থৈ যায় চোতাললৈ
অথচ উশাহত তুলি ল'ব পৰা নাই
ফুলনি এখন উলমাই থকা তোমাক দেখিছোঁ
মোকলৈ সন্তুষ্ট হ'ব পৰা নাই
ঘোঁৰা দৌৰাই আপ্ৰাণ চেষ্টা কৰিছোঁ
ভালপাই থাকিও তোমাক দেখুৱাব জনা নাই
ফোনত কৈছা যোগাৰ নাই
বজাৰত দৰাই দৰাই একো কিনিব পৰা নাই
সন্মুখতেই কাপোৰ সলাইছা
সাৱটি ধৰিব পৰা নাই
বিছনাৰ এটা মূৰে তুমি সাৰে আছা
টোপনিৰ ভাও ধৰি মই শান্তিৰে শুব পৰা নাই
তোমাৰ কাষলৈ যাব পৰা নাই
মাজত হিমালয়
কোলাত মূৰটো থৈ শুই দিব পৰা নাই
গোটেই গানবোৰ শিলাময়
কথাৰ পাকঘূৰণিত মূৰটো একে ঠাইতে ৰৈ থকা নাই
হুৱাটচ্এপত কাজিয়া কৰিছোঁ
শান্তিত থাকিব পৰা নাই
শীত আহিছে
উমাল কাপোৰ কিনিব পৰা নাই
প'ষ্ট এটা দিলোঁ ফেচবুকত
লাইক কমেন্টতত
আত্মিক স্পৰ্শৰ উমান পোৱা নাই
তুমি ভাবিবা ইমান টানতো
কবিতা কেনেকৈ লিখি থাকিব পাৰিছোঁ
বিশ্বাস কৰা কবিতাৰ বাদে একো আহি থকা নাই
৷৷দুই৷৷
লগ বন্ধুৰ লগত আড্ডা কৰি
চিগাৰেট এডাল ভালদৰে হুপিব পৰা নাই
বতাহক দি দিছোঁ গিলিব নজনা ধোঁৱাবোৰ
নিজেই উৰি যাওঁ কুণ্ডলি পকাই
আনন্দত এটা পেগ ঢালিব পৰা নাই
মদ এঢোক ল'লেও
মুখ বিকতাই ভেঙুচালি কৰিছোঁ নিজকে
মৰা যোৱা ধন
দুনাই ঘুৰি অহা নাই
ফোন কৰিলে মায়ে ভাল ব্যৱহাৰ পোৱা নাই
পিতায়ে বহুদিন মোৰ খবৰ সোধা নাই
ভাই ভনীৰ অজুহাত ভাঙিব পৰা নাই
আমিহে জানো আমাৰ ইমান দিগদাৰী
সময়েতো নাজানে
উৎসৱো আহি থাকে ওচৰৰ ঘৰৰ কেলেণ্ডাৰ চাই
অসুখত তোমাৰ পিতাই
অকলশৰীয়া তোমাৰ আই
মোৰ আই-পিতাইৰ চকু-চৰাই উৰি আছে নে
ইমান হুলস্থুলত খবৰ ল'বলৈ আহৰি পোৱা নাই
তোমাৰ কাজল আছেগৈ নে
বহুদিন তোমাৰ চকুলৈ চোৱা নাই
তুমি আচৰিত হ'বা নদীখন উঠি আহে সময়ে সময়ে
মই তাত গা ধুব পৰা নাই
থিয় দি সমুখলৈ চাব পৰা নাই
ধাননীৰ পৰা চৰাই খেদিব পৰা নাই
আচলতে কি জানা, অলপদিন ধৰি
জীয়াই থাকিব পৰা নাই৷৷

No comments:
Post a Comment