Tuesday, May 21, 2024

কবিতা - বনকৰা ছোৱালীৰ যৌৱন থাকিব নালাগে : কবি - নীলাভ সৌৰভ

 বনকৰা ছোৱালীৰ যৌৱন থাকিব নালাগে

নীলাভ সৌৰভ৷

বনকৰা ছোৱালীৰ দহখন হাত থাকিব লাগে
থাকিব লাগে কম বয়সতে ভালেমান জ্ঞান
বনকৰা ছোৱালীৰ এখন বহল পিঠি থাকিব লাগে
থাকিব লাগে এহাল দৰিদ্ৰ অভিভাৱক
দুখন প্ৰকাণ্ড কাণ থাকিব লাগে
থাকিব লাগে শুকান অশ্ৰু
বনকৰা ছোৱালীৰ হাবিয়াস নাথাকিলে ভাল

বনকৰা ছোৱালীৰ যৌৱন থাকিব নালাগে
মালিক মানুহবোৰ ভালেই
বনকৰা ছোৱালীৰ যৌৱনটোহে কাল

বনকৰা ছোৱালীৰ কোঠা এটা নাথাকে
থাকে যৌৱন দেখাকৈ এখন আঠুৱা
আন্ধাৰ কোনোবা এটা কোণত লুকুৱাই ৰাখিবলৈ
বনকৰা ছোৱালীৰ যৌৱন থাকিব নালাগে

বয়সতকৈ আগেয়ে বাঢ়ি অহা বুকুখন
কমবয়সতে পেটলৈ নামি অহা বুকুৰ ধন
অনিচ্ছাত মেলখোৱা ভৰিদুখন ঢাকি ৰাখিবলৈ
বনকৰা ছোৱালীৰ যৌৱন থাকিব নালাগে

গৰ্ভ মানে কি নজনাৰ আগতেই গৰ্ভপাত কৰোৱা
ঘৰলৈ মনত পৰিলেও ভয়তে পেপুৱা লগা
জীৱন মানে কি নুবুজি মালিককে ঈশ্বৰ বোলা
বনকৰা ছোৱালীৰ যৌৱন থাকিব নালাগে

মলিন বুকুত
তেল-চিকটি স্তনত যে বুৰ যাব মালিক
আন্ধাৰ খুপি খুপি যে সোমাই পৰিব ফেৰেঙনিত
তাই কি জানে

এনেকৈ নজনা কথাবোৰ যাৰ অপৰাধ
কেৱল বয়সটোহে যাৰ কাল
মালিকজন ভালেই, চাকৰিটোও ভাল
মালিকৰ মতে চলিলে কিহলৈ আকাল
মালিকনীৰ অলেখ জঞ্জাল
গতিকে বনকৰা ছোৱালীৰ যৌৱন থাকিব নালাগে

বনকৰা ছোৱালীৰ বিষ-কোব নাথাকে
আইন আদালত নাথাকে
থাকে কেৱল মাহিলী ধন তুলিব পৰা মাক বাপেক
মাহৰ মূৰত মাক বাপেকৰ হাঁহি মহৌষধ যাৰ
সেই ছোৱালীজনীৰ যৌৱন থাকিব নালাগে

যৌৱন তাইৰ নচচা শূল
জীৱন অস্পৃশ্য কুল
সহনশীলতা সুখ নহয় যাৰ
অসহন মানেই শাস্তি অথবা বদনামৰ আধাৰ
যাৰ ভুলত বনকৰা ছোৱালীৰ পেটলৈ ভাৰ
সেই ভাৰ সহিও মালিকজন ভাল
তাইৰ যৌৱনটোহে কাল
তেনে বনকৰা ছোৱালীৰ যৌৱন থাকিব নালাগে
থাকিব নালাগে গৰ্ভাশয়

বনকৰা ছোৱালীৰ
ডিঙি চেপা সহি মৰি যাব পৰাকৈ সাহস
গাত জুই লাগিলেও সহন কৰিব পৰাকৈ মৌনতা থাকিব লাগে
কেৱল আৰু কেৱল বনকৰা ছোৱালীৰ যৌৱন থাকিব নালাগে

No comments:

Post a Comment

Bishnuprasad Rabha: The Renaissance Man of Assam

 Bishnuprasad Rabha: The Renaissance Man of Assam ( Brief Description : Bishnuprasad Rabha (1909-1969) was a multifaceted personality from ...